কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা মানৱিকী বিদ্যা অধ্যয়ন সত্ৰৰ সংস্কৃত বিভাগৰ উদ্যোগত সোমবাৰে বিশ্ব সংস্কৃত দিৱস–২০২৬ উদযাপন কৰা হয়। অনুষ্ঠানত বিশিষ্ট পণ্ডিত, অধ্যাপক, গৱেষক আৰু সংস্কৃতপ্ৰেমীসকল উপস্থিত থাকে।
মঙ্গলাচৰণেৰে আৰম্ভ হোৱা অনুষ্ঠানটো সঞ্চালনা কৰে সহকাৰী অধ্যাপিকা ড° ইন্দ্ৰানী ডেকাই। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাস, সত্ৰৰ সঞ্চালক অধ্যাপক প্ৰসেনজিৎ দাস, কটন মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক সুৰেশ চন্দ্ৰ বৰা আৰু গৌহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা মুক্তা বিশ্বাস উপস্থিত থাকে।
উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাসে ভাষণত ভাৰতীয় জ্ঞান, দৰ্শন, বিজ্ঞান আৰু সংস্কৃতিৰ ঐতিহ্যত সংস্কৃত ভাষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অতিথি বক্তা অধ্যাপিকা মুক্তা বিশ্বাসে “সংস্কৃত ভাষাৰ গুৰুত্ব আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা” শীৰ্ষক বক্তৃতা প্ৰদান কৰি সংস্কৃতক ভাৰতীয় জ্ঞান পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ উৎস হিচাপে অভিহিত কৰে।
উল্লেখ্য, বিশ্ববিদ্যালয়খনত সংস্কৃত সাহিত্যত স্নাতকোত্তৰ, সংস্কৃত ভাষাৰ ডিপ্লোমা আৰু ভাৰতীয় জ্ঞান পৰম্পৰাৰ ছাৰ্টিফিকেট পাঠ্যক্ৰম চলি আছে। অনুষ্ঠানৰ অন্তত সহকাৰী অধ্যাপিকা লীনা ওজাই উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।
