বৰষুণত কৃত্ৰিম বানত মহানগৰী
পাথৰকোৱাৰী–সাতগাঁও পথ জলমগ্ন, যাতায়াতত ব্যাপক দুৰ্ভোগ
গুৱাহাটী, ২৮ আগষ্ট: কৃত্ৰিম বান যেন গুৱাহাটী মহানগৰীৰ বাবে এতিয়া নতুন কথা নহয়। শুকুৰবাৰে পুৱাৰ ভাগত অহা মূষলধাৰ বৰষুণৰ পিছতে মহানগৰীৰ বহু পথ-উপপথত সৃষ্টি হয় কৃত্ৰিম বানপানী।
বিশেষকৈ পাথৰকোৱাৰী–সাতগাঁও সংযোগী পথটো কৃত্ৰিম বানৰ কবলত পৰাত পথচাৰী আৰু যান-বাহনৰ চলাচল ব্যাহত হয়। একাংশ পথ জলমগ্ন হৈ পৰাৰ ফলত সাধাৰণ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হয়।
প্ৰতি বছৰে বৰষুণৰ সময়ত মহানগৰীত একেই পৰিস্থিতিৰ সৃষ্টি হোৱাক লৈ নাগৰিকসকলে স্থায়ী সমাধানৰ দাবী জনাই আহিছে।
.jpg)