লিডুত জনগোষ্ঠীয় সমন্বয় সন্মিলনৰ প্ৰস্তুতি তুংগত
২৯–৩০ আগষ্টত অসম সাহিত্য সভাৰ উদ্যোগত ঐক্য-সম্প্ৰীতিৰ মহামিলন
লিডু, ২৮ আগষ্ট: অসমৰ জাতি-জনগোষ্ঠীয় বৈচিত্ৰ্যৰ মাজত ঐক্য, সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা শক্তিশালী কৰাৰ লক্ষ্যৰে অসম সাহিত্য সভাৰ উদ্যোগত অহা ২৯ আৰু ৩০ আগষ্টত লিডু ৰে’লৱে ৰংগমঞ্চত অনুষ্ঠিত হ’ব ‘জনগোষ্ঠীয় সমন্বয় সন্মিলন–২০২৬’।
সন্মিলনখন সফল কৰি তুলিবলৈ উদ্যোক্তাসকলে ব্যাপক প্ৰস্তুতি চলাইছে। অনুষ্ঠানত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধি, সাহিত্যিক, বুদ্ধিজীৱী, শিল্পী আৰু সাংস্কৃতিক কৰ্মীসকলে অংশগ্ৰহণ কৰিব।
সন্মিলনৰ অন্যতম আকৰ্ষণ হ’ব বিশেষ সাংস্কৃতিক অনুষ্ঠান। প্ৰয়াত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ জনোৱা হ’ব বিশেষ শ্ৰদ্ধাঞ্জলি। শতাধিক শিল্পীয়ে ‘মানুহে মানুহৰ বাবে’ আৰু পাঁচ শতাধিক শিশু-কিশোৰ-কিশোৰী তথা যুৱক-যুৱতীয়ে ‘মায়াবিনী’ গীত সমবেতভাৱে পৰিৱেশন কৰিব।
অনুষ্ঠানত গৰিমা শইকীয়া গাৰ্গ আৰু জনপ্ৰিয় কণ্ঠশিল্পী তৃষ্ণা মহন্তয়ো অংশগ্ৰহণ কৰিব। দুদিনীয়া সন্মিলনখনৰ জৰিয়তে জাতি-জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাৰ্তা অধিক শক্তিশালী হোৱাৰ আশা কৰা হৈছে।
