বানপীড়িতক বিনামূলীয়া সেৱা আগবঢ়ালে অল আছাম নাপিত সন্থাই...

Public Talks
0


চণ্টকৰ বৰ মিচিং গাঁৱত বানপীড়িত লোকসকলৰ কাষত থিয় হৈ মানৱতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে অল আছাম নাপিত সন্থাই। সন্থাৰ সদস্যসকলে নিজে আগবাঢ়ি আহি বানত ক্ষতিগ্ৰস্ত লোকসকলক বিনামূলীয়াকৈ চুলি কটা আৰু দাড়ি কটাৰ সেৱা আগবঢ়ায়।

তেওঁলোকৰ এই নিঃস্বাৰ্থ সেৱাই স্থানীয় ৰাইজৰ হৃদয় স্পৰ্শ কৰিছে। সংকটৰ সময়ত মানুহে মানুহৰ কাষত থিয় দিয়াৰ এই উদাহৰণে পুনৰ প্ৰমাণ কৰিলে যে, অসম কেৱল প্ৰাকৃতিক সম্পদত নহয়, মানৱীয়তাতো সমৃদ্ধ।

সহমৰ্মিতা, সহায় আৰু একতাৰ এই বন্ধন সদায় অটুট থাকক — এইয়াই অসমৰ প্ৰকৃত শক্তি। 

Tags

Post a Comment

0Comments

Post a Comment (0)