মেঘালয়ৰ পাহাৰত গছ কটাৰ প্ৰভাৱ! গুৱাহাটীৰ কৃত্ৰিম বানক লৈ উদ্বেগ প্ৰকাশ মেয়ৰৰ

Public Talks
0


গুৱাহাটীত পুনৰাবৃত্তি হোৱা কৃত্ৰিম বানপানীৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে গুৱাহাটী মহানগৰৰ মেয়ৰ মৃগেন শৰণীয়াই। তেওঁৰ মতে, মেঘালয়ৰ পাহাৰীয়া অঞ্চলত অবাধ গছ কটাৰ ফলত বৰষুণৰ পানী দ্ৰুতগতিত নামি আহি গুৱাহাটীৰ দিছপুৰকে ধৰি বিভিন্ন নিম্নাঞ্চল প্লাৱিত কৰিছে।

মেয়ৰে কয় যে, এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেৱল চহৰৰ নলা-নৰ্দমা উন্নয়নেই যথেষ্ট নহয়; আন্তঃৰাজ্যিক পৰ্যায়ত সমন্বিত পদক্ষেপ আৰু পাহাৰীয়া অঞ্চলত পৰিৱেশ সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাটোও অত্যন্ত প্ৰয়োজনীয়। তেওঁৰ এই মন্তব্যই গুৱাহাটীৰ কৃত্ৰিম বানৰ মূল কাৰণ আৰু সমাধানক লৈ নতুন বিতৰ্কৰ সূচনা কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)