মহুৰামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পৰাগ হাজৰিকাৰ অকাল মৃত্যু
মুম্বাইত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস, অঞ্চলজুৰি শোকৰ ছাঁ
মহুৰামুখ, ৩০ আগষ্ট: মহুৰামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা বনগাঁৱৰ নিৱাসী পৰাগ হাজৰিকাই আজি অকালতে মৃত্যুক সাৱটি লয়। কিছুদিন ধৰি তেওঁ মুম্বাইৰ এখন আগশাৰীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
চিকিৎসাধীন অৱস্থাতে আজি তেওঁৰ মৃত্যু ঘটে। এগৰাকী নিষ্ঠাৱান শিক্ষাবিদ হিচাপে পৰিচিত পৰাগ হাজৰিকাৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী, অভিভাৱক তথা সমগ্ৰ অঞ্চলবাসীৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰিছে।
তেওঁৰ মৃত্যুত বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
