যোৰহাটত ড্ৰাগছৰ ভয়ংকৰ ৰূপ, কিশোৰ-কিশোৰীক লৈ উদ্বেগ...

Public Talks
0

 


যোৰহাটত ড্ৰাগছৰ ভয়ংকৰ ৰূপ, কিশোৰ-কিশোৰীক লৈ উদ্বেগ

যোৰহাট: যোৰহাটত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ড্ৰাগছৰ সমস্যাই। অষ্টম-নৱম শ্ৰেণীৰ পৰাই একাংশ ছাত্ৰ-ছাত্ৰীয়ে ড্ৰাগছ সেৱন কৰিবলৈ আৰম্ভ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ড্ৰাগছৰ আসক্তিৰ ফলত যুৱপ্ৰজন্মৰ মাজত বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ লগতে HIV সংক্ৰমণৰ আশংকাও বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰিছে বিশেষজ্ঞই।

মনোৰোগ বিশেষজ্ঞ ডাঃ দ্বীপজ্যোতি বৰাই এই পৰিস্থিতিক লৈ অভিভাৱকসকলক অধিক সজাগ আৰু সতৰ্ক হ’বলৈ আহ্বান জনাইছে। কিশোৰ-কিশোৰীৰ আচৰণ, বন্ধুত্ব আৰু দৈনন্দিন অভ্যাসৰ ওপৰত নজৰ ৰখাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে পৰিয়াল আৰু সমাজে একেলগে সজাগতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা তেওঁ উল্লেখ কৰে।

ড্ৰাগছৰ বিৰুদ্ধে সময়মতে সজাগতা আৰু পৰিয়ালৰ সহায়েই কিশোৰ প্ৰজন্মক সুৰক্ষিত কৰাৰ অন্যতম উপায়।

Tags

Post a Comment

0Comments

Post a Comment (0)