অব্যাহত বানে জনজীৱন বিপৰ্যস্ত, বহু অঞ্চলত চলি আছে উদ্ধাৰ আৰু সাহায্য অভিযান...
উজনি অসমৰ প্ৰলয়ংকৰী বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি পাইছে। অব্যাহত বৰষুণ আৰু বানৰ ফলত বহু জিলাত জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত থকাৰ লগতে বানপীড়িত লোকসকলৰ বাবে চৰকাৰ আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে সহায় আগবঢ়াই আছে।
