শিৱসাগৰৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে হাম চিকিৎসালয় আৰু বীৰ লাচিত সেনা অসমৰ যৌথ উদ্যোগত দৰবাৰ ৰোডত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।
এই শিবিৰত বীৰ লাচিত সেনাৰ শৃংখল চলিহাই উপস্থিত থাকি বানপীড়িত লোকসকলৰ সহায়মূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিবিৰত বানপীড়িতসকলক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, চিকিৎসা, ঔষধ বিতৰণ কৰাৰ লগতে পৰিয়ালসমূহৰ মাজত হাইজিন কিট (Hygiene Kit) বিতৰণ কৰা হয়।
দুৰ্যোগৰ সময়ত আগবঢ়োৱা এই মানৱীয় পদক্ষেপক স্থানীয় ৰাইজে উষ্ম আদৰণি জনায়।