জাতীয় পতাকা লৈ ভাৰতক নেতৃত্ব দিলে অসম কন্যা লাভলিনা বৰগোঁহাই

Public  talks
0
চীনৰ হাংঝু চহৰত আৰম্ভ হ’ল ১৯ সংখ্যক এছিয়ান গেমচ। অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে উদ্বোধনী অনুষ্ঠানত চমক দেখুৱালে চীনে। প্ৰথমবাৰৰ বাবে সম্পন্ন হ’ল এচিয়াডৰ উদ্বোধনী অনুষ্ঠান। হাংঝুত আতচবাজিৰ ঠাই ল’লে থ্ৰি ডি লাইটিঙে। সোণত সুৱগা চৰালে Artificial Inteligence ৰ চমকপ্ৰদ ব্যৱহাৰে। মুঠৰ ওপৰত হাংঝু অলিম্পিক স্পোৰ্টচ চেণ্টাৰ ষ্টেডিয়ামৰ উদ্বোধনী অনুষ্ঠানে ৰচিলে ইতিহাস।
কাৰ্বন নিঃসৰণ সম্পূৰ্ণৰূপে ৰোধ কৰাৰ মহামন্ত্ৰৰ সাৰথি কৰি এচিয়াডৰ উদ্বোধনী অনুষ্ঠানত পৰিৱেশ প্ৰদূষণ বিষয়ত নতুন বাৰ্তা দিলে চীন দেশে। ২৩ ছেপ্তেম্বৰৰ উদ্বোধনী অনুষ্ঠানৰ মাৰ্চ পাষ্টত হাতত জাতীয় পতাকা লৈ ভাৰতক নেতৃত্ব দিলে অসম কন্যা লাভলিনা বৰগোঁহাইৰ লগতে হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে। ভাৰতীয় ক্ৰীড়াবিদৰ পিন্ধনত আছিল খাকী ৰঙৰ পোচাক। মহিলাৰ শাড়ী আৰু পুৰুষে পিন্ধিলে চেলোৱাৰ চ্যুট।

Post a Comment

0Comments

Post a Comment (0)