নিৰাপত্তাজনিত আশংকাৰ মাজতে সীমান্ত বন্ধৰ সিদ্ধান্ত ইউৰোপীয় দেশখনৰ।
ৰাছিয়াৰ সৈতে থকা সকলো সীমান্ত প্ৰৱেশদ্বাৰ ১ ডিচেম্বৰৰ পৰা বন্ধ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে এষ্টনিয়াই। দেশখনৰ প্ৰতিৰক্ষা উদ্যোগৰ সৈতে জড়িত এটা প্ৰতিষ্ঠানত সন্দেহজনক অগ্নিসংযোগৰ ঘটনাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
