বৰাক উপত্যকা সাংবাদিক সংস্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন
শিলচৰ, ১৬ নৱেম্বৰ: দেশৰ অন্যান্য প্ৰান্তৰ লগতে কাছাৰৰ শিলচৰতো সোমবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰে জাৰ্নেলিষ্টছ ইউনিয়ন অৱ আছামৰ সংযুক্ত সংগঠন বৰাক উপত্যকা সাংবাদিক সংস্থাই। এই উপলক্ষে সংস্থাৰ শিলচৰৰ সুভাষনগৰস্থিত কাৰ্যালয়ত এখন বিশেষ সভা অনুষ্ঠিত হয়। সংস্থাৰ সভাপতি ড০ হাৰাণ দেৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সংবাদ মাধ্যমৰ সামাজিক দায়বদ্ধতা, গণতন্ত্ৰৰ সুৰক্ষাত সংবাদ মাধ্যমৰ ভূমিকা আৰু সাংবাদিকসকলৰ নিৰাপত্তাৰ বিষয়সমূহে বিশেষ গুৰুত্ব লাভ কৰে।
সভাত ভাষণ প্ৰদান কৰি সভাপতি ড০ হাৰাণ দেই কয় যে, এখন দেশৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ লগতে সাধাৰণ জনজীৱনতো সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম। সমাজৰ বিভিন্ন প্ৰান্তত সংঘটিত ঘটনা, অন্যায়-অবিচাৰ আৰু সাধাৰণ মানুহৰ সমস্যা জনসমাজৰ সন্মুখলৈ উলিয়াই অনাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
আনহাতে, সংস্থাৰ সাধাৰণ সম্পাদক বিপ্লৱ পাল চৌধুৰীয়ে সাংবাদিকসকলৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰি কয় যে সাংবাদিকৰ কাম কেৱল বাতৰি পৰিৱেশনতে সীমাবদ্ধ নহয়। সত্য উদ্ঘাটন, অন্যায়ৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন আৰু সাধাৰণ জনতাৰ কণ্ঠস্বৰ হিচাপে থিয় দিয়াটোও সাংবাদিকতাৰ অন্যতম প্ৰধান দায়িত্ব। তেওঁ লগতে কয় যে সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে পৰিচিত। সেয়েহে সাংবাদিকতাৰ স্বাধীনতা আৰু সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰাটো অত্যন্ত জৰুৰী। এই সন্দৰ্ভত তেওঁ প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াক কলমৰ স্বাধীনতা আৰু সাংবাদিকসকলৰ নিৰাপত্তাৰ বিষয়টো অধিক গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ আহ্বান জনায়।
সভাত সংস্থাৰ দুগৰাকী উপ-সভাপতি ৰিতেন ভট্টাচাৰ্য আৰু শমীন্দ্ৰ পালেও সংবাদ মাধ্যমৰ সামাজিক ভূমিকা আৰু সাংবাদিকতাৰ নৈতিক দায়বদ্ধতা সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে।
ইয়াৰ উপৰি সভাত সুবীৰ কুমাৰ ভট্টাচাৰ্য, জয় ৰায়, প্ৰদীপ চন্দ্ৰ দাস, তন্ময় চক্ৰৱৰ্তী, বাৰিন্দ্ৰ কুমাৰ দাস, আশিস দাস, কিৰণ ৰাসকে ধৰি কেইবাগৰাকীও সাংবাদিকে বক্তব্য আগবঢ়ায়।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি অনুষ্ঠিত এই সভাত মুক্ত আৰু দায়িত্বশীল সাংবাদিকতাৰ গুৰুত্ব পুনৰ প্ৰতিফলিত হয়।
