ইউক্ৰেইনৰ যোগাযোগ ব্যৱস্থা সুৰক্ষিত কৰাৰ স্বাৰ্থত আমেৰিকা আৰু মাস্কক আহ্বান ৰাষ্ট্ৰপতিৰ।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে দেশখনৰ বাবে ষ্টাৰলিংক সেৱাৰ ওপৰত থকা বাধা আঁতৰাবলৈ আমেৰিকা আৰু উদ্যোগপতি ইলন মাস্কক আহ্বান জনাইছে। ইউক্ৰেইনৰ যোগাযোগ আৰু সামৰিক ব্যৱস্থাৰ ক্ষেত্ৰত উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱাৰ গুৰুত্বৰ পৰিপ্ৰেক্ষিতত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।
