কলগাঁও–চৰগোলা গড়কাপ্তানি পথৰ শোচনীয় অৱস্থা, চৰম দুৰ্ভোগত কালীগঞ্জবাসী

Public Talks
0


ৰতনপুৰ এল পি স্কুলৰ পৰা ঘোৰামৰা তিনিআলিলৈ পথত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত; মেৰামতিৰ প্ৰস্তাৱ প্ৰেৰণ, শীঘ্ৰে কাম আৰম্ভ কৰাৰ আশ্বাস গড়কাপ্তানি বিভাগৰ

শৰিফ উদ্দিন, কালীগঞ্জ (শ্ৰীভূমি), ১২ নৱেম্বৰ: কলগাঁও–চৰগোলা গড়কাপ্তানি পথৰ শোচনীয় অৱস্থাই চৰম দুৰ্ভোগলৈ ঠেলি দিছে বৃহত্তৰ কালীগঞ্জ অঞ্চলৰ ৰাইজক। বিগত কেইবাবছৰ ধৰি পথটোৰ ৰতনপুৰ এল পি স্কুলৰ পৰা ঘোৰামৰা তিনিআলিলৈকে অংশত মেৰামতিৰ কাম নোহোৱাত বৰ্তমান পথছোৱা জৰাজীৰ্ণ হৈ পৰিছে। পথৰ পকী অংশৰ পিটচ উঠি যোৱাৰ ফলত বিভিন্ন স্থানত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। ফলত প্ৰতিদিনে এই পথেৰে যাতায়াত কৰা বাহনৰ চালক, যাত্ৰী আৰু পথচাৰীয়ে যমৰ-যাতনা ভুগিবলগীয়া হৈছে। বিশেষকৈ স্কুল-কলেজৰ শিক্ষাৰ্থীসকলৰ যাতায়াত বিপজ্জনক হৈ পৰিছে।

স্থানীয় সূত্ৰে জানিব পৰা মতে, প্ৰায় ডেৰ বছৰ পূৰ্বে পথটোৰ মেৰামতিৰ ঠিকা লাভ কৰা এগৰাকী ঠিকাদাৰে ঘোৰামৰা তিনিআলিৰ পৰা দেওৱাকুড়ি মছজিদলৈকে অংশত গাঁতসমূহ মেৰামতিৰ বাবে মেটেলিঙৰ কাম কৰিছিল। সেই সময়তে ৰতনপুৰ এল পি স্কুললৈকে বাকী অংশতো মেটেলিঙৰ কাম কৰাৰ কথা আছিল যদিও অজ্ঞাত কাৰণত সেই কাম সম্পূৰ্ণ নহ'ল। ফলত ৰতনপুৰ এল পি স্কুলৰ পৰা ঘোৰামৰা তিনিআলিলৈকে পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে।

পথটোৰ এনে দুৰৱস্থাৰ ফলত কালীগঞ্জ, ছিৰাজদিপুৰ, দেওৱাকুড়ি, শ্যামনগৰ, ব্ৰাহ্মণশাসনকে ধৰি কাষৰীয়া কেইবাখনো গাঁৱৰ ৰাইজে প্ৰতিদিনে যাতায়াতৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হৈছে। বিশেষকৈ জৰুৰীকালীন অৱস্থাত ৰোগীক চিকিৎসালয়লৈ নিয়া, দৈনন্দিন যাতায়াত আৰু শিক্ষাৰ্থীসকলৰ স্কুল-কলেজলৈ অহা-যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। পথৰ গাঁতসমূহ এৰাই চলিবলৈ গৈ বাহনৰ চালকসকলেও সমস্যাত পৰিবলগীয়া হৈছে। যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাও বৃদ্ধি পাইছে।

ইফালে, পথছোৱাৰ মেৰামতি সন্দৰ্ভত গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা মনোজ্যোতি চক্ৰৱৰ্তীৰ সৈতে যোগাযোগ কৰাত তেওঁ জানিবলৈ দিয়ে যে ৰতনপুৰ এল পি স্কুলৰ পৰা ঘোৰামৰা তিনিআলিলৈকে অংশৰ মেৰামতিৰ বাবে ইতিমধ্যে বিভাগীয়ভাৱে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। তেওঁৰ মতে, পথছোৱাৰ মেৰামতিৰ বাবে চি চি ব্লক স্থাপনৰ পৰিকল্পনা কৰা হৈছে। অতি সোনকালে মেৰামতিৰ কাম আৰম্ভ হ'ব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে।

কিন্তু বিভাগীয় আশ্বাসতে সন্তুষ্ট নহয় দুৰ্ভোগত পৰা অঞ্চলবাসী। তেওঁলোকৰ মতে, দীৰ্ঘদিন ধৰি পথছোৱাৰ এনে শোচনীয় অৱস্থাৰ বাবে সাধাৰণ ৰাইজে যি সমস্যাৰ সন্মুখীন হৈ আহিছে, তাৰ শীঘ্ৰে অন্ত পৰাটো প্ৰয়োজন। বাৰিষাৰ সময়তেই নহয়, স্বাভাৱিক বতৰতো পথটোৰে যাতায়াত কৰাটো কঠিন হৈ পৰিছে। সেয়েহে প্ৰস্তাৱিত মেৰামতিৰ কাম শীঘ্ৰে অনুমোদন কৰি কোনো পলম নকৰাকৈ কাম আৰম্ভ কৰিবলৈ অঞ্চলবাসীয়ে দাবী জনাইছে।

জনস্বাৰ্থৰ বিষয়টোক গুৰুত্ব সহকাৰে বিবেচনা কৰি পথছোৱাৰ মেৰামতিৰ বাবে শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ শ্ৰীভূমি জিলাৰ আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী আৰু ৰাজ্যৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ দৃষ্টি আকৰ্ষণ কৰিছে দুৰ্ভোগত পৰা ৰাইজে।

এতিয়া লক্ষ্যণীয় হ'ব, গড়কাপ্তানি বিভাগৰ আশ্বাস কিমান সোনকালে বাস্তৱত পৰিণত হয় আৰু দীৰ্ঘদিনীয়া যাতায়াতৰ সমস্যাৰ পৰা কেতিয়া পৰিত্ৰাণ পায় বৃহত্তৰ কালীগঞ্জ অঞ্চলৰ ৰাইজে।

Tags

Post a Comment

0Comments

Post a Comment (0)