ৰাজ্যত মুঠ ভোটাৰ ২.৫১ কোটিৰো অধিক; ১২ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ দাবী আৰু আপত্তি দাখিলৰ সুযোগ
গুৱাহাটী, ১২ নৱেম্বৰ: ২০২৭ চনৰ ১ জানুৱাৰীক যোগ্যতাৰ তাৰিখ হিচাপে লৈ অসমৰ সকলো বিধানসভা সমষ্টিৰ বাবে বিশেষ সংক্ষিপ্ত সংশোধন (SSR), ২০২৭ৰ অধীনত ফটোযুক্ত খচৰা ভোটাৰ তালিকা আজি, ১২ নৱেম্বৰত প্ৰকাশ কৰা হৈছে।
প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি, অসমত মুঠ ভোটাৰৰ সংখ্যা ২,৫১,৭৬,৯১০ গৰাকী। ইয়াৰে ১,২৫,৮৭,৬৫০ গৰাকী পুৰুষ, ১,২৫,৮৮,৯৩৯ গৰাকী মহিলা আৰু ৩২১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।
উল্লেখযোগ্য যে, ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাত ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ২,৪৯,৫৮,১৩৯ গৰাকী। পৰৱৰ্তী সময়ত নিৰন্তৰ সংশোধনীৰ জৰিয়তে ৪,১২,৩৪৪ গৰাকী নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ১,৯৩,৫৭৩ গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হয়। ফলস্বৰূপে খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা ২,১৮,৭৭১ গৰাকী বৃদ্ধি পাইছে।
খচৰা তালিকাত ২,০৫,৯৬২ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ, ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ২,৮৭,২৩৩ গৰাকী যুৱ ভোটাৰ আৰু ৮৫ বছৰ বা ততোধিক বয়সৰ ১,২২,১৯৮ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ উপৰি ৬৩,২৩৭ গৰাকী সেৱা ভোটাৰ আৰু বিদেশত থকা ৬ গৰাকী ভোটাৰো তালিকাত স্থান লাভ কৰিছে।
ৰাজ্যখনত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৩১,৫১৬টা। প্ৰতিটো ভোটকেন্দ্ৰত গড়ে ৭৯৯ গৰাকী ভোটাৰ আছে। বিধানসভা সমষ্টিসমূহৰ ভিতৰত ৫১-দলগাঁও সমষ্টিত সৰ্বাধিক ৩,২৫,৭৪৬ গৰাকী ভোটাৰ থকাৰ বিপৰীতে ১১২-আমৰি (জনজাতি) সমষ্টিত সৰ্বনিম্ন ১,০১,৫০৯ গৰাকী ভোটাৰ আছে। আনহাতে, ভোটকেন্দ্ৰৰ সংখ্যাৰ ক্ষেত্ৰত ১১-মানকাচৰ সমষ্টিত সৰ্বাধিক ৪০২টা আৰু ২-দতমা (জনজাতি) সমষ্টিত সৰ্বনিম্ন ১৪৭টা ভোটকেন্দ্ৰ আছে।
বিশেষ সংক্ষিপ্ত সংশোধন, ২০২৭ৰ অধীনত খচৰা ভোটাৰ তালিকা প্ৰকাশ ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা সময়সূচী অনুসৰি দাবী আৰু আপত্তি দাখিলৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।
সকলো যোগ্য নাগৰিককে খচৰা ভোটাৰ তালিকাত নিজৰ নাম আৰু অন্যান্য তথ্য পৰীক্ষা কৰি শুদ্ধতা নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে। প্ৰয়োজন সাপেক্ষে ২০২৬ চনৰ ১২ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ নিৰ্ধাৰিত পদ্ধতিৰে দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব। প্ৰকাশিত সময়সূচী অনুসৰি, চূড়ান্ত ভোটাৰ তালিকা ২০২৭ চনৰ ৪ জানুৱাৰীত প্ৰকাশ কৰা হ’ব।
ভোটাৰ তালিকাৰ এক শুদ্ধ, সম্পূৰ্ণ আৰু ত্ৰুটিমুক্ত সংস্কৰণ প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই সংশোধন প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, অসমে সকলো অংশীদাৰ, ৰাজনৈতিক দল আৰু ভোটাৰ ৰাইজক আহ্বান জনাইছে।

