‘Champion of Film Heritage Award’ৰে সন্মানিত হ’ব ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক চলচ্চিত্ৰ নিৰ্মাতা।
অসমীয়া চলচ্চিত্ৰৰ ইতিহাস সংৰক্ষণ, নথিভুক্তকৰণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা প্ৰাক্তন সাংবাদিক উৎপল বৰপূজাৰীক Film Heritage Foundation-এ ‘Champion of Film Heritage Award’ প্ৰদান কৰিব। তেওঁৰ এই স্বীকৃতিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে।
