শিলচৰ, ৭ নৱেম্বৰ: দেশৰ আগশাৰীৰ মুক্তিযুঁজাৰু আৰু বাগ্মী বিপিন চন্দ্ৰ পালৰ জন্ম বাৰ্ষিকী উপলক্ষে আজি শিলচৰত তেখেতৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই উপলক্ষে নগৰ খনৰ সদৰ ঘাটত থকা বিপিন চন্দ্ৰ পালৰ প্ৰতিমূৰ্তিত বিশিষ্ট ব্যক্তি আৰু দল সংগঠন ৰ প্ৰতিনিধি সকলে পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিৱেদন কৰে। পুষ্পাঞ্জলি অৰ্পণ কৰা সকলৰ ভিতৰত আছিল শিলচৰ পৌৰ নিগমৰ নব নিৰ্বাচিত মেয়ৰ অমৰেন্দ্ৰ পাল , বিশিষ্ট সাংবাদিক তৈমুৰ ৰাজা চৌধুৰী আৰু মানবাধিকাৰ কৰ্মী সাধন পুৰকায়স্থ আদি। ইয়াত উল্লেখ কৰিব পাৰি যে ১৮৫৮ ইংৰাজীৰ ৭ নৱেম্বৰ তাৰিখে অবিভক্ত অসমৰ সুৰমা উপত্যকাৰ ছিলেট জিলাৰ হবিগঞজ মহকুমাত বিপিন চন্দ্ৰ পালে জন্ম গ্ৰহণ কৰিছিল।
মুক্তি যুঁজাৰু বিপিন চন্দ্ৰ পালৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি
Sunday, November 08, 2026
0

Tags