পাঠশালাৰ কলেজ ৰোডত ৮ আৰু ৯ নৱেম্বৰত সাৰ্বজনীন শ্ৰীশ্ৰীকালী পূজাৰ আয়োজন

Public Talks
0


আৰোহীৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচী, আকৰ্ষণ হ’ব নাগাৰা নাম আৰু ওজাপালিৰ অনুষ্ঠান

বজালীৰ পাঠশালাৰ কলেজ ৰোডত আৰোহীৰ উদ্যোগত অহা ৮ আৰু ৯ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সাৰ্বজনীন শ্ৰীশ্ৰীকালী পূজাৰ আয়োজন কৰা হৈছে। পূজাক কেন্দ্ৰ কৰি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে আয়োজক সমিতিয়ে।

পূজাৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব নাগাৰা নাম আৰু ওজাপালিৰ অনুষ্ঠান। নাগাৰা নামত পাঠিকা হিচাপে অংশগ্ৰহণ কৰিব জোনমণি দাসে।

ইফালে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে কালীপূজা উদযাপন সমিতিয়ে কোনো সাংস্কৃতিক অনুষ্ঠান আয়োজন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে।

ধৰ্মীয় পৰম্পৰা আৰু ভক্তিৰসেৰে উদযাপন হ’বলগীয়া এই পূজাৰ সমূহ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে আয়োজকসকলে।

Tags

Post a Comment

0Comments

Post a Comment (0)