পূজা কমিটীৰ সৈতে মহানগৰ আৰক্ষী-প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
গুৱাহাটী: আগন্তুক দুৰ্গাপূজাক কেন্দ্ৰ কৰি মহানগৰবাসীৰ নিৰাপত্তা আৰু শৃংখলা নিশ্চিত কৰাৰ লক্ষ্যৰে মহানগৰ আৰক্ষী-প্ৰশাসনে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। পূজা কমিটীসমূহৰ সৈতে অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে এই SOP জাৰি কৰা হয়।
SOP অনুসৰি, প্ৰতিখন পূজা মণ্ডপত CCTV সংস্থাপন বাধ্যতামূলক কৰা হৈছে। লগতে পূজা মণ্ডপত অগ্নি নিৰ্বাপনৰ ব্যৱস্থা ৰখাটো বাধ্যতামূলক কৰাৰ লগতে অগ্নিনিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ দিয়া হৈছে।
পূজা মণ্ডপত পুৰুষ আৰু মহিলাৰ প্ৰৱেশ-প্ৰস্থানৰ বাবে সুকীয়া পথ ৰখাৰ ব্যৱস্থা কৰিব লাগিব। নিশাৰ ভাগত পূজা মণ্ডপত নিৰাপত্তা নিশ্চিত কৰাৰ বাবে স্বেচ্ছাসেৱকৰ দল নিয়োজিত কৰাৰ বাবেও নিৰ্দেশ দিয়া হৈছে।
ইফালে, নিশা ১০ বজাৰ পিছত উচ্চস্বৰৰ সংগীত বা লাউড মিউজিক বজাব নোৱাৰিব বুলি SOPত স্পষ্ট কৰা হৈছে। লগতে মহানগৰৰ নুনমাটি অঞ্চলৰ চূড়াচালিত এইবাৰ প্ৰতিমা বিসৰ্জন কৰিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰা হৈছে। নাৰেংগী-নুনমাটি অঞ্চলৰ পূজা কমিটীসমূহৰ বাবে কাছাৰীবাটক বিসৰ্জনস্থলী হিচাপে নিৰ্ধাৰণ কৰা হৈছে।
আনহাতে, পথ বন্ধ কৰি পূজাৰ পেণ্ডেল নিৰ্মাণ কৰিলে সংশ্লিষ্টসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মহানগৰ প্ৰশাসনে সতৰ্ক কৰি দিছে। दुৰ্গাপূজা উপলক্ষে শান্তি-শৃংখলা আৰু জনসাধাৰণৰ নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ বাবে সকলো পূজা কমিটীক প্ৰশাসনৰ নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনোৱা হৈছে।
