তেজপুৰ বিশ্ববিদ্যালয়ত ‘ধ্ৰুপদী অসমীয়া ভাষা অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ’ স্থাপনৰ অনুমোদন

Public Talks
0

 


ৰাজ্যৰ শিক্ষানুৰাগীসকলৰ বাবে সুখবৰ। তেজপুৰ বিশ্ববিদ্যালয়ত ‘ধ্ৰুপদী অসমীয়া ভাষা অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ’ স্থাপনৰ বাবে অনুমোদন লাভ কৰিছে। এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

অসমীয়া ভাষা আৰু সাহিত্যৰ অধ্যয়ন, গৱেষণা তথা সংৰক্ষণৰ ক্ষেত্ৰত এই উৎকৰ্ষ কেন্দ্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। বিশেষকৈ অসমীয়া ভাষাৰ ধ্ৰুপদী ঐতিহ্য, সাহিত্য-সংস্কৃতি আৰু ভাষাবৈজ্ঞানিক গৱেষণাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰটোৱে নতুন সুযোগ সৃষ্টি কৰিব পাৰে।

মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাক ৰাজ্যৰ শিক্ষা আৰু ভাষা-সাহিত্য জগতৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।

Tags

Post a Comment

0Comments

Post a Comment (0)