গুৱাহাটী,৩০ ছেপ্টেম্বৰ * *Indian Institute of Technology Guwahati (IIT Guwahati)**-ৰ Department of Design-এ MIT Institute of Design, Pune-ৰ সহযোগত IIT গুৱাহাটীৰ চৌহদত প্ৰথমবাৰৰ বাবে **International Conference on Design and Innovation Studies (INDIS 2026)** আয়োজন কৰে। ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰ ২০২৬লৈ অনুষ্ঠিত এই অনুষ্ঠানত ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষক, পেছাদাৰী, উদ্যোগ বিশেষজ্ঞ, নীতি-নিৰ্ধাৰক, উদ্যোগী আৰু ডিজাইন ক্ষেত্ৰৰ নেতৃত্বস্থানীয় ব্যক্তিসকল একত্ৰিত হৈ জটিল সামাজিক প্ৰত্যাহ্বানসমূহৰ বাবে অধিক সুলভ, সমতাপূৰ্ণ আৰু বহনক্ষম সমাধান আগবঢ়োৱাত ডিজাইন, প্ৰযুক্তি আৰু উদ্ভাৱনে কেনেদৰে ভূমিকা পালন কৰিব পাৰে সেই বিষয়ে আলোচনা কৰে।
এই সন্মিলনখন **Asia Design Week**-ৰ সৈতে একেলগে অনুষ্ঠিত হয়। এয়া আছিল আন্তঃৰাষ্ট্ৰীয় ডিজাইন প্লেটফৰ্মটোৰ ভাৰতত প্ৰথমটো সংস্কৰণ। এই সংযুক্ত কাৰ্যসূচীয়ে ডিজাইন আৰু creative industries-ৰ ক্ষেত্ৰত শৈক্ষিক মত-বিনিময়, গৱেষণা উপস্থাপন, প্ৰদৰ্শনী, উদ্যোগিক যোগাযোগ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে এক বহুবিষয়ক মঞ্চ সৃষ্টি কৰে।
**অসমৰ মাননীয় শিক্ষা, ভৈয়াম জনজাতি আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী ড০ ৰণোজ পেগুৱে** মুখ্য অতিথি হিচাপে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।, RERA Assamৰ অধ্যক্ষ তথা অসমৰ চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ ( অৱসৰ প্ৰাপ্ত আইএএছ)**, INDIS Conference 2026-ৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।
**অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য অতিথিয়ে কয়,** *“বিদ্যালয় পৰ্যায়ৰ পৰাই সৃষ্টিশীলতাৰ অভ্যাস গঢ়ি তুলিব লাগে, যিয়ে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্ভাৱনীমূলক হ’বলৈ সহায় কৰিব। উদ্ভাৱনেই হৈছে আৰ্থ-সামাজিক উন্নয়নৰ মূল চাবিকাঠি আৰু IIT গুৱাহাটীৰ Department of Design-ৰ উদ্ভাৱনৰ ক্ষেত্ৰত চলি থকা cutting-edge গৱেষণা আৰু উন্নয়নমূলক পদক্ষেপসমূহ দেখি মই আনন্দিত।”*
**INDIS 2026**-ক ডিজাইন, প্ৰযুক্তি আৰু inclusive innovation-ৰ সংযোগস্থলত গৱেষণা আৰু ব্যৱহাৰিক প্ৰয়োগ আগবঢ়াই নিয়াৰ বাবে এক শৈক্ষিক মঞ্চ হিচাপে গঢ়ি তোলা হৈছে। সন্মিলনখনৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য আছিল ডিজাইনৰ methodological আৰু systemic দিশসমূহ তথা সামাজিক পৰ্যায়ত জটিল প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনা পৰ্যালোচনা কৰা।
**উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰি IIT গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহালে** অসম তথা সমগ্ৰ দেশত Design আৰু Innovation আগুৱাই নিয়াৰ ক্ষেত্ৰত IIT গুৱাহাটীৰ Department of Design-এ গ্ৰহণ কৰা ভূমিকা আৰু প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰে।
সন্মিলনখনত **human-centred design, design methods and tools, digital service systems, public sector innovation, technology-enabled inclusion** আৰু **emerging digital technologies** আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। বিভিন্ন সম্প্ৰদায় আৰু পৰিস্থিতিৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাব পৰা সমাধান বিকশিত কৰাত ডিজাইন পদ্ধতি আৰু innovation systems-এ কেনেদৰে সহায় কৰিব পাৰে, সেই বিষয়েও আলোচনা কৰা হয়।
**INDIS 2026-ৰ বিষয়ে উল্লেখ কৰি সন্মিলনৰ Chair তথা IIT গুৱাহাটীৰ Department of Design-ৰ Head অধ্যাপক প্ৰটুল চন্দ্ৰ কলিতাই কয়,** *“INDIS 2026-ত design-এ business আৰু technology-ৰ সৈতে সংযোগ স্থাপন কৰিছে। লেখকসকলৰ পৰা আমি অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। মুঠ ৮১খন paper চাৰিটা parallel session-ত উপস্থাপন কৰা হৈছে আৰু proceedings Taylor and Francis-এ প্ৰকাশ কৰিব। ৪০খন short paper উপস্থাপন কৰা আৰু Bloomsbury-এ প্ৰকাশ কৰিছে। ইয়াৰ উপৰি Asia Design Week-ৰ অধীনত ১০০টা entry প্ৰদৰ্শন কৰা হৈছে।”*
তিনিদিনীয়া এই অনুষ্ঠানত design-ৰ বিভিন্ন ক্ষেত্ৰ সামৰি keynote address, peer-reviewed research presentation, panel discussion, poster presentation, exhibition আৰু industry–academia interaction অনুষ্ঠিত হয়। ইয়াৰ ভিতৰত **communication and visual design, product and industrial design, transportation and mobility design, space and environmental design, human factors and ergonomics, user experience design** আৰু **design education** উল্লেখযোগ্য।
*আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতীয় বিশেষজ্ঞসকলৰ অংশগ্ৰহণ*
অনুষ্ঠানটোৰ এক গুৰুত্বপূৰ্ণ আকৰ্ষণ আছিল আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতীয় শৈক্ষিক, creative professional আৰু উদ্যোগিক ক্ষেত্ৰৰ আগশাৰীৰ ব্যক্তিসকলৰ keynote address। ইয়াৰ ভিতৰত আছিল—
* **Prof. Vijay Kumar**, Charles L. Owen Endowed Chair in Design আৰু Professor Emeritus, Illinois Institute of Technology, Institute of Design। তেওঁৰ অংশগ্ৰহণে design education, research আৰু innovation-ৰ ক্ষেত্ৰত এক আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক দৃষ্টিভংগী আগবঢ়ায়।
* **Prof. Philip Cash**, Professor, School of Design, Arts and Creative Industries, Northumbria University, Newcastle। তেওঁ সমসাময়িক design research আৰু design practice-ৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী আগবঢ়ায়।
* **Prof. Prakash Moorthy**, Former Founding Head and Professor, Department of Animation and Cinema, Satyajit Ray Film and Television Institute, Kolkata। তেওঁ animation, cinema, visual communication আৰু creative education-ৰ ক্ষেত্ৰত তেওঁৰ বিশেষজ্ঞতা আগবঢ়ায়।
* **Mr. Nishant Gupta**, Managing Director and Senior Partner, Boston Consulting Group (BCG)। তেওঁ innovation আৰু সাংগঠনিক তথা ব্যৱসায়িক ক্ষেত্ৰত design-ৰ ভূমিকা সন্দৰ্ভত উদ্যোগ আৰু strategy-ভিত্তিক দৃষ্টিভংগী আগবঢ়ায়।
* **Mr. Vikalp Sahni**, Founder and CEO, eka.care। তেওঁ technology আৰু entrepreneurship ecosystem, বিশেষকৈ innovation, digital platforms আৰু user-focused solutions-ৰ সংযোগস্থলৰ ওপৰত দৃষ্টিভংগী আগবঢ়ায়।
**INDIS 2026**-ত **IDEAx North East Design Entrepreneurship Challenge 2026**-ৰ launch platform-ও আয়োজন কৰা হয়। এই পদক্ষেপৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলত design-led entrepreneurship আৰু innovation-ক উৎসাহিত কৰা।
এই উদ্যোগটোৱে design capabilities-ক entrepreneurship, technology, local knowledge আৰু উদীয়মান business opportunities-ৰ সৈতে সংযোগ স্থাপনৰ লক্ষ্য লৈছে। লগতে যুৱ উদ্ভাৱক আৰু উদ্যোগীসকলক আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ সৈতে সম্পৰ্কিত সমাধান বিকশিত কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে এক পথ সৃষ্টি কৰিব।
**INDIS 2026**-ৰ সফল সমাপ্তিয়ে design আৰু innovation-ৰ ক্ষেত্ৰত গৱেষণা আৰু মত-বিনিময়ৰ বাবে এক অব্যাহত আন্তঃৰাষ্ট্ৰীয় মঞ্চ হিচাপে সন্মিলনখনৰ এক শক্তিশালী ভিত্তি স্থাপন কৰে। এই সন্মিলনে জটিল সামাজিক আৰু পৰিৱেশগত প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাব পৰা systems, services, technologies আৰু experiences গঢ়ি তোলাত ডিজাইনৰ ক্ৰমবৰ্ধমান গুৰুত্বকো প্ৰতিফলিত কৰে।