বৰাক উপত্যকাৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ অগ্ৰগতিৰ পর্যালোচনা মুখ্যমন্ত্ৰীৰ

Public Talks
0


শিলচৰ,৩০ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি লোকনির্মাণ (পথ) বিভাগক তিনি বছৰতকৈ অধিক সময় ধৰি কাম অসম্পূৰ্ণ কৰি ৰখা ঠিকাদাৰসকলক নতুন নিবিদাত অংশগ্ৰহণৰ অনুমতি নিদিবলৈ নির্দেশ দিয়ে। এই চর্তটো নিবিদাৰ নিৰ্দেশাৱলীত এক গুৰুত্বপূৰ্ণ মাপকাঠী হিচাপে অন্তর্ভুক্ত কৰিবলৈও তেওঁ লগতে বিভাগটোক নির্দেশ দিয়ে। বৰাক উপত্যকাৰ গুৰুত্বপূৰ্ণ পথ তথা অন্যান্য আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ অগ্রগতি সন্দৰ্ভত শিলচৰস্থিত অসম সচিবালয়ত অনুষ্ঠিত এক বিস্তৃত পর্যালোচনা বৈঠকত মুখ্যমন্ত্রীয়ে আজি এই নির্দেশনা প্রদান কৰে।


বৈঠকত মুখ্যমন্ত্রীয়ে লোকনির্মাণ (গৃহ), লোকনির্মাণ (পথ) আৰু লোকনির্মাণ (স্বাস্থ্য আৰু শিক্ষা) বিভাগৰ অধীনত চলি থকা তথা প্ৰস্তাৱিত বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে পর্যালোচনা কৰে। ইয়াৰ লগতে শিলচৰস্থিত অসম সচিবালয় ভৱনৰ আন্তঃগাঁথনিৰ সৈতে জড়িত বিভিন্ন কামৰো পৰ্যালোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে নতুন ভৱন আৰু সচিবালয় চৌহদৰ স্থাপত্যগত গাঁথনিত প্রয়োজনীয় কিছু পৰিৱৰ্তন সাধনৰ নিৰ্দেশ দিয়ে।

বৈঠকত কাছাৰ, শ্রীভূমি আৰু হাইলাকান্দি জিলাত ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ সংযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু লোকনিৰ্মাণ বিভাগে ৰূপায়ণ কৰি থকা বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। ইয়াৰ ভিতৰত ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ শিলচৰ-ভাইৰেংটে অংশৰ চাৰিলেনযুক্ত পথ নিৰ্মাণ, শিলচৰ-জিৰিবাম পথ আৰু শিলচৰ-চুৰাইবাৰী পথৰ লগতে পাঁচগ্রাম আৰু বদৰপুৰ বাইপাছৰ কামো অন্যতম।

এই প্রকল্পসমূহৰ সৈতে জড়িত ভূমি অধিগ্রহণৰ বাবদ বাকী থকা ক্ষতিপূৰণৰ ধন বিতৰণৰ বিষয়টোৰ লগতে শ্বিলং-শিলচৰ হাই স্পীড কৰিড'ৰ আৰু শ্রীভূমি-সুতাৰকান্দি পথ নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বিষয়েও বৈঠকত পৰ্যালোচনা কৰা হয়।
 তদুপৰি, লোকনিৰ্মাণ বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়েও বৈঠকত পর্যালোচনা কৰা হয়। ইয়াৰ ভিতৰত শিলচৰৰ সঘনাই পানীত ডুব যোৱা অংশৰ পুনৰনিৰ্মাণৰ কাম, গান্ধীঘাটত আৰ চি চি দলং নিৰ্মাণ, শিলচৰ মেডিকেল কলেজ আৰু হাস্পতাললৈ যোৱা পথ চাৰিলেনযুক্তকৰণ আৰু শিলচৰ এলিভেটেড কৰিড'ৰ নিৰ্মাণৰ কাম অন্যতম। বৈঠকত 'অসম মালা' আঁচনিৰ অগ্ৰগতিৰ বিষয়েও পর্যালোচনা কৰা হয়।

বৈঠকত স্বাস্থ্য সেৱা, প্রশাসন আৰু শিক্ষাখণ্ডৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ নির্মাণ প্রকল্পৰ অগ্রগতি সন্দর্ভতো পর্যালোচনা কৰা হয়। ইয়াৰ ভিতৰত শিলচৰৰ নতুন প্রেক্ষাগৃহসহ জিলা পুথিভঁৰাল আৰু আৱৰ্ত ভৱন, শিলচৰ মেডিকেল কলেজ আৰু হাস্পতালত ৫০০খন বিচনাযুক্ত জৰুৰীকালীন চিকিৎসালয় আৰু শ্রীভূমিৰ নির্মীয়মাণ মেডিকেল কলেজ আৰু হাস্পতালৰ কামো অন্যতম।

কাছাৰ জিলাৰ নতুন আয়ুক্তৰ কাৰ্যালয়, লক্ষীপুৰৰ আইন মহাবিদ্যালয় আৰু ধলাই তথা লক্ষীপুৰত নির্মীয়মাণ আদর্শ স্নাতক মহাবিদ্যালয়ৰ অগ্ৰগতিৰ বিষয়েও বৈঠকত পর্যালোচনা কৰা হয়।

বৈঠকত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, বৰাক উপত্যকা উন্নয়ন আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ লগতে বৰাক উপত্যকাৰ সাংসদ আৰু বিধায়কসকল, বৰাক উপত্যকা উন্নয়ন বিভাগ, এন এইচ আই ডি চি এল আৰু লোকনিৰ্মাণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে কাছাৰ, শ্রীভূমি আৰু হাইলাকান্দি জিলাৰ আয়ুক্তসকল তথা অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।
Tags

Post a Comment

0Comments

Post a Comment (0)