মালিগাঁও, ২৮ ছেপ্টেম্বৰ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ঐতিহ্যবাহী আৰু ঐতিহাসিক দাৰ্জিলিং হিমালয়ান ৰে’লৱেই দাৰ্জিলিঙক ল’নলি প্লেনেটৰ সন্মানীয় ‘বেষ্ট ইন ট্ৰেভেল ২০২৭’ তালিকাত অন্তৰ্ভুক্ত কৰি পুনৰ এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। বিশ্বৰ ৫০টা গন্তব্যস্থানৰ এই তালিকাত দাৰ্জিলিঙক “বেষ্ট ফৰ এ টয় ট্ৰেইন জাৰ্ণি” হিচাপে অভিহিত কৰি ইয়াৰ জৰিয়তে ঐতিহাসিক দাৰ্জিলিং হিমালয়ান ৰে’লৱে আৰু ইয়াৰ অনন্য পাহাৰীয়া ৰে’ল ভ্ৰমণে বিশ্ব পৰ্যটন মানচিত্ৰত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
এই স্বীকৃতিয়ে দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ চিৰস্থায়ী আকৰ্ষণক পুনৰ উজ্জ্বীৱিত কৰি তুলিছে যি জনপ্ৰিয়ভাৱে “টয় ট্ৰেইন” নামেৰে পৰিচিত তথা দাৰ্জিলিং আৰু পূব হিমালয় অঞ্চলৰ সাংস্কৃতিক আৰু পৰ্যটন পৰিচয়ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ১৮৮১ চনত মুকলি হোৱা দাৰ্জিলিং হিমালয়ান ৰেলৱেই দুৰ্গম পাহাৰীয়া ভূখণ্ডৰ মাজেৰে ৰে’লপথ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰণী অভিযান্ত্ৰিক প্ৰযুক্তিৰ বাবে বিশ্বজুৰি খ্যাতি লাভ কৰিছে আৰু ই ভাৰতৰ ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্গত পাৰ্বত্য ৰেলৱেৰ এটা অংশক প্ৰতিনিধিত্ব কৰি ১৯৯৯ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ইয়াৰ ঐতিহাসিক ষ্টেচনসমূহ, বাষ্পচালিত ইঞ্জিন আৰু স্বকীয় পাহাৰীয়া ৰে’ল ভ্ৰমণে দাৰ্জিলিং অঞ্চলৰ পাহাৰ, চাহ বাগিচা আৰু জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে যাত্ৰীসকলক এক অনন্য অভিজ্ঞতা প্ৰদান কৰি আহিছে।
ল’নলি প্লেনেটৰ এই স্বীকৃতি এনে এক সময়ত আহিছে, যেতিয়া উত্তৰ-পূব সীমান্ত ৰে’লৱেই দাৰ্জিলিং হিমালয়ান ৰেলৱেত এক জীৱন্ত ৰে’ল ঐতিহ্যৰ লগতে অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ পৰ্যটন সম্পদ হিচাপে প্ৰচাৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে। ঐতিহ্যবাহী ৰে’ল ভ্ৰমণ, বাষ্পচালিত ইঞ্জিনৰ যাত্ৰা, সাংস্কৃতিক অনুষ্ঠান আৰু অভিজ্ঞতাভিত্তিক পৰ্যটন কাৰ্যসূচীৰ জৰিয়তে পৰ্যটকসকলক ৰে’লৱেৰ সমৃদ্ধ ঐতিহ্যৰ সৈতে পৰিচিত হোৱাৰ সুযোগ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে দাৰ্জিলিং পাৰ্বত্য অঞ্চলৰ পৰ্যটন পৰিৱেশ তন্ত্ৰকো শক্তিশালী কৰি তোলা হৈছে। শীতকালীন ঘূম মহোৎসৱ, ষ্টেচন মহোৎসৱ আৰু গ্ৰীষ্মকালীন মহোৎসৱৰ দৰে অনুষ্ঠানসমূহে ইয়াৰ ঐতিহ্যবাহী ষ্টেচনসমূহৰ লগতে দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ লগত জড়িত স্থানীয় ৰাইজৰ সৈতে পৰ্যটকসকলৰ সংযোগ আৰু অংশগ্ৰহণ অধিক বৃদ্ধি কৰি তুলিছে।
দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ পৰ্যটনমূখী পদক্ষেপসমূহে স্থানীয় ৰাইজৰ অংশগ্ৰহণ, পৰিৱেশ সজাগতা আৰু বহনক্ষম পৰ্যটনৰ ওপৰতো গুৰুত্ব আৰোপ কৰি আহিছে। স্থানীয় ৰাইজ আৰু পৰিৱেশ সম্পৰ্কীয় অংশীদাৰসকলৰ সহযোগত আয়োজন কৰা ঐতিহ্যবাহী জয় ৰাইড আৰু জনসজাগতা কাৰ্যসূচীয়ে দায়িত্বশীল পৰ্যটনক উৎসাহিত কৰাত সহায় কৰিছে আনহাতে ডিজিটেল পদক্ষেপ, অভিজ্ঞতাভিত্তিক কাৰ্যসূচী আৰু শিক্ষামূলক ভ্ৰমণৰ জৰিয়তে নতুন প্ৰজন্মক এই অনন্য ৰে’লৱে ঐতিহ্যৰ ইতিহাস, অভিযান্ত্ৰিক কৌশল আৰু সাংস্কৃতিক তাৎপর্যৰ সৈতেও পৰিচয় কৰাইছে।
ল’নলি প্লেনেটৰ ‘বেষ্ট ইন ট্ৰেভেল ২০২৭’ তালিকাত দাৰ্জিলিঙৰ অন্তৰ্ভুক্তিয়ে দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ বিশ্বব্যাপী পৰিচিতি অধিক বৃদ্ধি কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই ভাৰত তথা সমগ্ৰ বিশ্বৰ পৰ্যটকৰ সন্মুখত তাৰ সমৃদ্ধ ৰে’ল ঐতিহ্য আৰু অনন্য টয় ট্ৰেইন অভিজ্ঞতা প্ৰদৰ্শন কৰাৰ লগতে দাৰ্জিলিং পাৰ্বত্য অঞ্চলৰ বহনক্ষম পৰ্যটন আৰু সাংস্কৃতিক তথা আৰ্থ-সামাজিক সম্ভাৱনাক অধিক প্ৰচাৰ কৰাৰ সুযোগ লাভ কৰিছে।
