বঙাইগাঁও, ১ অক্টোবৰ: ১৯৮৯ চনৰ ২৯ ছেপ্টেম্বৰত গঠন হোৱা বঙাইগাঁও জিলাই আজি ৫ সংখ্যক জিলা দিৱস উলহ-মালহেৰে উদযাপন কৰিছে। এই উপলক্ষে জিলা প্ৰশাসন আৰু ৰাইজৰ যৌথ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
পুৱা বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণী ভূষণ চৌধুৰীয়ে দ্বীপ প্ৰজ্বলন কৰি জিলা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে সাংসদ ফণী ভূষণ চৌধুৰী আৰু জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই বাইক ৰেলীৰ শুভ উদ্বোধন কৰে।
জিলা দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰ ভিতৰত বাইক সমদল, সাংস্কৃতিক সমদল, আলোচনা সভাকে ধৰি বিভিন্ন বৰ্ণিল অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলাখনৰ ঐতিহ্য, সংস্কৃতি আৰু সামগ্ৰিক বিকাশক উদযাপনৰ লক্ষ্যৰে আয়োজিত এই কাৰ্যসূচীত ৰাইজৰ ব্যাপক অংশগ্ৰহণ পৰিলক্ষিত হৈছে।
