ডিমা হাছাওক অসমৰ পৰ্যটনৰ স্বৰ্গপুৰী হিচাপে গঢ়ি তোলা হ’ব : অজন্তা নেওগ

Public Talks
0


শিলচৰ, ২৮ ছেপ্টেম্বৰ: " ডিমা হাছাওক অসমৰ পৰ্যটন মানচিত্ৰত এক গুৰুত্বপূৰ্ণ গন্তব্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে অহা পাঁচ বছৰৰ বাবে অসম পৰ্যটনৰ এক বিস্তৃত মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হ’ব।"

দেওবাৰে উমৰাংছ'ৰ গল্ফ কোৰ্ছত ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ অমুষ্ঠানত ভাগ লৈ প্ৰধান অতিথিৰ বক্তব্যত উপৰোক্ত মন্তব্য কৰে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে।

বিশ্ব পৰ্যটন দিৱস উপলক্ষে দেওবাৰে  অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু ডিমা হাছাও পৰ্যটনৰ উদ্যোগত নিউ টুম্বুং গল্ফ কোৰ্ছত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কয় যে নতুন পৰ্যটনস্থলী বিকাশৰ লগতে বৰ্তমানৰ পৰ্যটন চাৰ্কিটসমূহ শক্তিশালী কৰি অহা পাঁচ বছৰত ৰাজ্যখনত কেইবাটাও নতুন পৰ্যটন চাৰ্কিট গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে আন্তঃগাঁথনি, যাতায়াত ব্যৱস্থা আৰু বিভিন্ন পৰ্যটনস্থলীৰ মাজত সংযোগ স্থাপনৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

মন্ত্ৰীগৰাকীয়ে কয় যে পৰ্যটনৰ বিকাশৰ বাবে উন্নত যোগাযোগ ব্যৱস্থা, সুদৃঢ় আইন-শৃংখলা আৰু অনুকূল চৰকাৰী নীতি অতি গুৰুত্বপূৰ্ণ। প্ৰতিটো অঞ্চলৰ নিজস্ব বৈশিষ্ট্যক সঠিক পৰিকল্পনা, উদ্ভাৱনী চিন্তা আৰু স্থানীয় লোকৰ অংশগ্ৰহণৰ জৰিয়তে পৰ্যটনৰ আকৰ্ষণলৈ ৰূপান্তৰিত কৰিব পাৰি বুলিও তেওঁ মন্তব্য কৰে।

উমৰাংছ’ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰশংসা কৰি অজন্তা নেওগে ইয়াক “উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড” বুলি অভিহিত কৰে। ডিমা হাছাওক অসমৰ “পৰ্যটনৰ স্বৰ্গপুৰী” হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে। লগতে স্থানীয় লোকসকলক অনলাইনযোগে হোমষ্টে’ পঞ্জীয়ন কৰাৰ লগতে নতুন হোমষ্টে’ স্থাপনৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁৰ মতে, স্থানীয় লোকৰ অংশগ্ৰহণে পৰ্যটনৰ জৰিয়তে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনীতি শক্তিশালী কৰিব।

অনুষ্ঠানত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গৰ্লোছা, হাফলং সমষ্টিৰ বিধায়িকা ৰূপালী লাংথাছা, পৰ্যটন বিভাগৰ ইএম নজিৎ কেম্প্ৰাই, পৰ্যটন বিভাগৰ আয়ুক্ত তথা সচিব দিগন্ত বৰা, পৰ্যটন সঞ্চালক ৰণোজ কুমাৰ বৰকটকী, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰা, পৰ্যটন বিভাগৰ জ্যেষ্ঠ বিষয়া, ডিমা হাছাও পৰ্যটনৰ অধ্যক্ষ জশ্ৰিংদাও ফংলো  আদি বিষয়া আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
Tags

Post a Comment

0Comments

Post a Comment (0)