২২ছেপ্টেম্বৰ: উত্তৰ পূব সীমান্ত অৱসৰপ্ৰাপ্ত উপ মুখ্য অভিযন্তা সজলকান্তি দাসৰ আয়ৰ অনুপাতে সম্পত্তি থকা বুলি অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছে চি বি আই এ। একেটা গোচৰতে তেওঁৰ পত্নী সংগীতা দাসৰ নামো অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। এই গোচৰটো চিবিআইৰ গুৱাহাটী শাখাত ৰুজু হৈছে।
চিবিআইৰ মতে, গোচৰটোত অভিযোগ কৰা হৈছে যে সজলকান্তি দাস আৰু তেওঁৰ পত্নীৰ আয়ৰ উৎসৰ লগত অসামঞ্জস্যপূৰ্ণ সম্পত্তি আছে।
২০১৬ চনৰ পৰা ২০২২ চনলৈকে সম্পত্তি আৰু বিনিয়োগৰ একাউণ্ট পৰীক্ষা কৰাৰ পিছত এনে কিছুমান সম্পত্তি চিনাক্ত কৰা হৈছে -যাৰ মূল্য তেওঁলোকৰ আয়ৰ জনা উৎসৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়। তদন্তত ৮৮.২০ লাখ টকাৰ সম্পত্তিৰ অমিল পোহৰলৈ আহিছে। তদন্তকাৰী সংস্থাটোৰ তথ্য অনুসৰি ২০১৬ চনত দম্পতীহালৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ৩৯.৮৫ লাখ টকা। ২০২২ চনত এই সম্পত্তিৰ পৰিমাণ হ’য় ১ কোটি ২৮ লাখ ৬৬ হাজাৰ টকা।
চিবিআইৰ তদন্তত কাছাৰৰ বিভিন্ন অঞ্চলত এই দম্পতীৰ নামত থকা স্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ তথ্যও পোহৰলৈ আহিছে। শিলচৰৰ ৰংপুৰ অঞ্চলৰ ৫ কঠা মাটিত প্ৰায় ১৯ লাখ টকাৰ এটা ঘৰ চিবিআইৰ তালিকাত উল্লেখ আছে। তদুপৰি চিবিআইৰ তদন্তত উধৰবন্দ আৰু লক্ষ্মীপুৰত পত্নী সংগীতা দাসৰ নামত মাটি, শিলচৰৰ ক্লাব ৰোড অঞ্চলত সংগীত দাসৰ নামত প্ৰায় ৩৪ লাখ টকাৰ ব্যৱসায়িক সম্পত্তি আৰু সজলকান্তি দাসৰ নামত ২০ লাখতকৈ অধিক টকাৰ ফ্লেট চিহ্নিত কৰা হৈছে। ইয়াৰ লগতে বিভিন্ন বেংক একাউণ্ট, ফিক্সড ডিপ’জিট আৰু টাৰ্ম ডিপ’জিটত থকা ধনৰ তথ্যও পোহৰলৈ আহিছে। জানিব পৰা মতে, সজলকান্তি দাসে চাকৰী জীৱনৰ কিছুদিন কাছাৰ জিলাৰ সীমান্তত মনিপুৰৰ জিৰিবামত উত্তৰপূৱ সীমান্ত ৰেলৱেৰ উপ-মুখ্য অভিযন্তা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
