শুৱালকুছি, ১২ ছেপ্টেম্বৰ: আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫৮সংখ্যক তিৰোভাৱ তিথি ৰাজ্যজুৰি ভক্তি আৰু ধৰ্মীয় পৰিৱেশত পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন সত্ৰ, নামঘৰ আৰু ধৰ্মীয় অনুষ্ঠানত পুৱা-গধূলি হৰিনাম, নাম-প্ৰসংগ, প্ৰাৰ্থনা আৰু বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ আয়োজন কৰা হয়।
মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। ভক্তসকলে নাম-কীৰ্তন আৰু প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি মহাপুৰুষজনাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইফালে, ৰাজ্যৰ বস্ত্ৰনগৰী হিচাপে পৰিচিত শুৱালকুছিতো ভক্তিভাৱেৰে শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫৮সংখ্যক তিৰোভাৱ তিথি পালন কৰা হয়। বিভিন্ন নামঘৰ আৰু ধৰ্মীয় অনুষ্ঠানত ভক্তসকলৰ সমাগম ঘটে। নাম-প্ৰসংগ, হৰিনাম আৰু প্ৰাৰ্থনাৰে শুৱালকুছিৰ আকাশ-বতাহ ভক্তিৰসত মুখৰিত হৈ পৰে।
উল্লেখ্য যে, শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া সমাজ-সংস্কৃতি, সাহিত্য, কলা আৰু ধৰ্মীয় জীৱনলৈ আগবঢ়োৱা অৱদান আজিও অসমবাসীৰ বাবে চিৰস্মৰণীয়। তেখেতৰ একশৰণ নামধৰ্মৰ আদৰ্শ আৰু মানৱতাবাদী বাণীয়ে সমাজক ঐক্য, ভাতৃত্ববোধ আৰু শান্তিৰ পথ দেখুৱাই আহিছে।
