গুৱাহাটী, ১২ ছেপ্টেম্বৰ: অসমত ক্ৰমাৎ বৃদ্ধি পোৱা বান্দৰৰ উপদ্ৰৱ ৰোধৰ বাবে স্থায়ী সমাধানৰ সন্ধানত হিমাচল প্ৰদেশলৈ যাব অসমৰ ছয়গৰাকী বিধায়ক। হিমাচল প্ৰদেশত বান্দৰৰ বন্ধ্যাকৰণৰ জৰিয়তে বান্দৰৰ সংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থা আৰু অভিজ্ঞতা সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে বিধায়ককেইগৰাকীয়ে ৰাজ্যখন ভ্ৰমণ কৰিব।
হিমাচল প্ৰদেশত বান্দৰৰ উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা, বিশেষকৈ বান্দৰৰ বন্ধ্যাকৰণ প্ৰক্ৰিয়া, ইয়াৰ কাৰ্যকাৰিতা আৰু বাস্তৱ অভিজ্ঞতা সম্পৰ্কে বিধায়কসকলে বুজ ল'ব। পাছত অসমতো বান্দৰৰ উপদ্ৰৱ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে এই অভিজ্ঞতা ব্যৱহাৰ কৰাৰ লক্ষ্য লোৱা হৈছে।
হিমাচললৈ যাবলগীয়া বিধায়কসকল হৈছে—মৃণাল শইকীয়া, ৰূপজ্যোতি কুৰ্মী, ধীৰাজ গোৱালা, প্ৰকাশ দাস, ৰূপেশ গোৱালা আৰু মৃদুল গোৱালা।
উল্লেখ্য যে, অসমৰ বিভিন্ন অঞ্চলত বান্দৰৰ উপদ্ৰৱে সাধাৰণ লোকৰ লগতে কৃষকসকলকো যথেষ্ট সমস্যাৰ সন্মুখীন কৰাই আহিছে। খাদ্যশস্য আৰু কৃষিজাত সামগ্ৰীৰ ক্ষতিৰ লগতে জনসাধাৰণৰ দৈনন্দিন জীৱনতো ইয়াৰ প্ৰভাৱ পৰিছে। এনে পৰিস্থিতিত সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চৰকাৰী পৰ্যায়ত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে।
