দিমা হাছাওত SI নবজিত দাসৰ মৃত্যু: ড্ৰাগছ সৰবৰাহকাৰীৰ হাত থকাৰ সন্দেহ
হাফলং: দিমা হাছাও জিলাৰ লাইছঙত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা আৰক্ষীৰ উপ-পৰিদৰ্শক নবজিত দাসৰ ঘটনাই নতুন মোৰ লৈছে। প্ৰথমে পথ দুৰ্ঘটনা হিচাপে বিবেচিত ঘটনাটো এতিয়া পৰিকল্পিত হত্যাকাণ্ড নেকি, তাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে, আৰক্ষীৰ হাতত নবজিত দাসক ড্ৰাগছ সৰবৰাহকাৰীয়ে হত্যা কৰাৰ বিশ্বাসযোগ্য তথ্য আছে। অৱশ্যে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ঘটনাটোৰ প্ৰকৃত কাৰণ নিশ্চিতভাৱে ক’ব নোৱাৰি বুলি তেওঁ স্পষ্ট কৰে। ঘটনাটোৰ সৈতে জড়িত সন্দেহত কেইবাজনো লোকক আৰক্ষীয়ে আটক কৰিছে আৰু তদন্ত অব্যাহত আছে।
