নতুন জীৱনৰ পাতনি মেলিবলৈ সাজু হিমাক্ষী কলিতা
জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাই জীৱনৰ দ্বিতীয়টো অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে। এগৰাকী প্ৰশাসনিক বিষয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে অভিনেত্ৰীগৰাকী।
ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চৰ পৰা ছিৰিয়েল আৰু চিনেমালৈকে অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰা হিমাক্ষীয়ে ইতিমধ্যে বিয়াৰ প্ৰাৰম্ভিক ৰীতি-নীতিৰ কিছু ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। অভিনেত্ৰীগৰাকীৰ এই নতুন যাত্ৰাক লৈ অনুৰাগীৰ মাজতো দেখা গৈছে ব্যাপক উৎসাহ।
