গুৱাহাটী, ৫ আগষ্ট: কৰ্তব্যৰত অৱস্থাত অসুস্থ হৈ মৃত্যু হয় বজালী জিলাৰ ওদালগুৰি গাঁৱৰ CRPF জোৱান মণ্টু চৌধুৰীৰ। তেওঁ গুৱাহাটীৰ নমাইলস্থিত GC CRPF কেম্পত কৰ্মৰত আছিল।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি যকৃতজনিত ৰোগত আক্ৰান্ত হৈ থকা জোৱানজন কৰ্তব্য পালন কৰি থকা অৱস্থাত হঠাতে অসুস্থ হৈ পৰে। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
মণ্টু চৌধুৰীৰ অকাল বিয়োগত পৰিয়ালৰ লগতে সমগ্ৰ বজালী জিলাত শোকৰ ছাঁ পৰিছে।
