কেন্দ্ৰীয় মন্ত্ৰী জে. পি. নাড্ডাই চণ্টকৰ পৰা নেপালীখুঁটি পৰ্যন্ত বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থা বুজ লয়। পৰিদৰ্শনৰ সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপন আৰু প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
বানত সৰ্বস্ব হেৰুৱাই দুখ-কষ্টত দিন কটোৱা বহু পৰিয়ালৰ বাবে এই আশ্বাসে নতুন আশাৰ সঞ্চাৰ কৰিছে। শীঘ্ৰে পুনৰ্বাসন, আন্তঃগাঁথনি পুনৰ নিৰ্মাণ আৰু স্বাভাৱিক জীৱন ঘূৰাই অনাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বিত পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি নাড্ডাই জানিবলৈ দিয়ে।

