"দিখৌ নৈত অবৈধ শিল কটা বন্ধ কৰক, নহ'লে আমি ধ্বংস হৈ যাম" — মুখ্যমন্ত্ৰীলৈ নেপালীখুঁটিৰ যুৱতীৰ কাতৰ অনুৰোধ

Public Talks
0

 


শিৱসাগৰ জিলাৰ নেপালীখুঁটি অঞ্চলৰ এগৰাকী যুৱতীয়ে দিখৌ নৈত চলি থকা কথিত অবৈধ শিল কটাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ এক হৃদয়স্পৰ্শী আবেদন জনাইছে। তেওঁৰ অভিযোগ, অবৈধভাৱে শিল উত্তোলনৰ ফলত নদীৰ স্বাভাৱিক গতি সলনি হোৱাৰ লগতে খহনীয়া বৃদ্ধি পাই অঞ্চলটোৰ জনজীৱন আৰু কৃষিভূমি সংকটৰ সন্মুখীন হৈছে।

"মামা, দিখৌ নৈত অবৈধ শিল কটা বন্ধ কৰি দিয়ক। নহ'লে আমি ধ্বংস হৈ যাম," — যুৱতীগৰাকীৰ এই কাতৰ আহ্বানে অঞ্চলবাসীৰ উদ্বেগক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। স্থানীয় ৰাইজে বিষয়টোৰ ওপৰত শীঘ্ৰে তদন্ত চলাই দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু নদী সংৰক্ষণৰ দাবী উত্থাপন কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)