মুম্বাইৰ বস্তি এলেকাত চূড়ান্ত দাৰিদ্ৰ্য আৰু ভোকৰ মাজত শৈশৱ অতিবাহিত কৰিছিল হুছেইন মনচুৰীয়ে। ফটা-চিৰা কাপোৰ পিন্ধি খাদ্যৰ সন্ধানত ঘূৰি ফুৰা, আনকি ডাষ্টবিনত পেলাই দিয়া চকলেটৰ খালী মোড়ক চুহি সোৱাদ লোৱাৰ দিনো তেওঁ পাৰ কৰিছিল। ইংৰাজী বিষয়ত দুৰ্বল হোৱাৰ পিছতো অধ্যৱসায়েৰে কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰি এয়াৰলাইনছৰ গ্ৰাউণ্ড ষ্টাফ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পিছত চাকৰি এৰি এখন সৰু চাহৰ দোকান খুলি কঠোৰ পৰিশ্ৰমে জীৱন সংগ্ৰাম অব্যাহত ৰাখে।
এদিন দৰিদ্ৰ এগৰাকী মহিলাক একাপ চাহ কিনি দিয়াৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত তেওঁৰ জীৱনে নতুন মোড় লয়। বৰ্তমান হুছেইন মনচুৰীৰ ছ’চিয়েল মিডিয়াত ২১ মিলিয়নৰো অধিক অনুসৰণকাৰী আছে। ব্যৱসায় চলোৱাৰ সমান্তৰালভাৱে তেওঁ অসহায়, দুৰ্যোগপীড়িত আৰু দৰিদ্ৰ লোকসকলৰ কাষত সদায় সহায়ৰ হাত আগবঢ়াই আহিছে। সেইবাবেই তেওঁ বহুজনৰ ওচৰত ‘মানৱতাৰ ব্ৰেণ্ড এম্বেচাডৰ’ হিচাপে পৰিচিত।
শেহতীয়াকৈ উজনি অসমৰ বানপীড়িত অঞ্চলতো তেওঁ সহায়ৰ হাত আগবঢ়াই মানৱতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। তেওঁৰ এই নিঃস্বাৰ্থ সেৱাই অসংখ্য মানুহৰ হৃদয় স্পৰ্শ কৰিছে।
মানুহৰ সেৱাই সৰ্বোত্তম ধৰ্ম— এই আদৰ্শক জীৱন্ত কৰি তোলা হুছেইন মনচুৰীক আন্তৰিক শুভেচ্ছা আৰু সুস্বাস্থ্যৰ কামনা।
