বেংগালুৰু: বহু প্ৰত্যাশিত কন্নড় ছবি **‘টক্সিক’**ৰ ঝলক শনিবাৰে বেংগালুৰুত এক বিশেষ অনুষ্ঠানত মুকলি কৰা হয়। ঝলক প্ৰকাশৰ পাছতে অভিনেতা যশৰ হিংস্ৰ ৰূপ আৰু একাধিক দৃশ্যক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হৈছে।
বিশেষকৈ ছবিখনত যশৰ নগ্ন দৃশ্যক ২০২৩ চনত মুক্তি পোৱা ৰণবীৰ কাপুৰ অভিনীত **‘এনিমেল’**ৰ এটা নগ্ন দৃশ্যৰ সৈতে তুলনা কৰিছে একাংশ নেটিজেনে। বহুতে দুয়োখন ছবিৰ দৃশ্যৰ মাজত সাদৃশ্য থকা বুলি মন্তব্য কৰাৰ বিপৰীতে আন একাংশই এই তুলনা নস্যাৎ কৰিছে।
সামাজিক মাধ্যমত একাংশৰ দাবী—‘টক্সিক’ত ‘এনিমেল’ৰ প্ৰভাৱ স্পষ্ট। আনহাতে, বহু অনুৰাগীয়ে যশৰ অভিনয় আৰু ছবিখনৰ একচন দৃশ্যৰ প্ৰশংসা কৰিছে। কেৱল নগ্নতা বা প্ৰাপ্তবয়স্ক দৃশ্যৰ আধাৰত ছবিখনক ‘এনিমেল’ৰ সৈতে তুলনা কৰাটো উচিত নহয় বুলিও বহুতে মত প্ৰকাশ কৰিছে।
গীতু মোহনদাস পৰিচালিত ‘টক্সিক’ মুক্তিৰ পাছতহে ছবিখনৰ কাহিনী আৰু চৰিত্ৰৰ সৈতে ‘এনিমেল’ৰ প্ৰকৃত সাদৃশ্য বা পাৰ্থক্য স্পষ্ট হ’ব।
