টকিঅ’: জাপানত অকলশৰীয়া লোকৰ মাজত ‘ভাড়াত বয়ফ্ৰেণ্ড’ লোৱাৰ এক নতুন ব্যৱসায়িক ধাৰা চৰ্চালৈ আহিছে। বিভিন্ন ৱেবছাইট আৰু মোবাইল এপৰ জৰিয়তে মহিলাসকলে পছন্দৰ সংগীৰ ফটো আৰু প্ৰফাইল চাই নিৰ্দিষ্ট সময়ৰ বাবে বুক কৰিব পাৰে।
এই সেৱাত বুক কৰা সংগীয়ে গ্ৰাহকৰ সৈতে কফি খোৱা, বজাৰ কৰা, ফুৰিবলৈ যোৱা অথবা মনোযোগেৰে মনৰ কথা শুনাৰ দৰে সময় কটায়। এই সেৱাত শাৰীৰিক সম্পৰ্কৰ অনুমতি নাথাকে।
শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ এগৰাকী মহিলাই টকিঅ’ ভ্ৰমণৰ সময়ত মাত্ৰ দুই ঘণ্টাৰ বাবে এজন ‘ভাড়াত বয়ফ্ৰেণ্ড’ বুক কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে তেওঁ প্ৰায় ১৮ হাজাৰ টকা ব্যয় কৰে। ডেটৰ সময়ত হোৱা অন্যান্য খৰচ গ্ৰাহকেই বহন কৰিবলগীয়া হয়।
অকলশৰীয়াৰ সময় কটোৱা আৰু সংগ লাভৰ এই অভিনৱ ব্যৱসায়িক ধাৰাই ইতিমধ্যে সামাজিক মাধ্যমতো ব্যাপক চৰ্চা লাভ কৰিছে।
