🌟 ৰাষ্ট্ৰীয় মঞ্চত অসমৰ গৌৰৱ, মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬ত অংশুলা বৰুৱা
গুৱাহাটীৰ নাৰেংগীৰ ১৯ বছৰীয়া অংশুলা বৰুৱাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় চূড়ান্ত পৰ্যায়ত স্থান লাভ কৰিছে। প্ৰতিযোগিতাখনত অংশ লৈ অংশুলাই অসমৰ ঐতিহ্য, সংস্কৃতি আৰু স্বকীয়তাক ৰাষ্ট্ৰীয় মঞ্চত তুলি ধৰিছে।
অংশুলাৰ এই সফলতাক লৈ নাৰেংগীৰ লগতে সমগ্ৰ অসমতে উৎসাহৰ সৃষ্টি হৈছে। তেওঁৰ এই যাত্ৰাই ৰাজ্যৰ যুৱপ্ৰজন্মকো অনুপ্ৰাণিত কৰিছে।
