অসমত ৫ বছৰত ২ লাখ চৰকাৰী চাকৰি! আৰম্ভ হৈছে নিয়োগৰ ৰোডমেপ
গুৱাহাটী: অসমৰ যুৱক-যুৱতীৰ বাবে বৃহৎ নিয়োগৰ লক্ষ্য গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অহা ৫ বছৰত ২ লাখ চৰকাৰী চাকৰি প্ৰদানৰ লক্ষ্যৰে ইতিমধ্যে বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে। বিভিন্ন চৰকাৰী বিভাগ, স্বায়ত্তশাসিত সংস্থা, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, মিছন আৰু ছ’চাইটিত থকা খালী পদ চিনাক্ত কৰি নিয়োগৰ ৰোডমেপ প্ৰস্তুত কৰা হৈছে।
ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, ২০২৬ চনৰ ৩০ জুনলৈ অসমত ১৫,৪৩,৩৫০জন পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশী আছে। ২ লাখ চাকৰিৰ লক্ষ্য পূৰণৰ বাবে খালী পদ, অৱসৰজনিত খালী পদ আৰু প্ৰত্যক্ষ নিয়োগৰ সুযোগসমূহ পৰ্যালোচনা কৰা হৈছে।
.jpg)