ধাৰাসাৰ বৰষুণৰ সতৰ্কতা! কেইবাখনো ৰাজ্যত বতৰ বেয়া হোৱাৰ আশংকা
নতুন দিল্লী: দেশৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাক লৈ সতৰ্কতা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD)। ১৮ আগষ্টত ঝাৰখণ্ড আৰু ওড়িশাৰ কিছু অঞ্চলত অতি প্ৰবল বৰষুণ, আনহাতে বিহাৰ, ছত্তীশগড়, হিমাচল প্ৰদেশ, অসম আৰু মেঘালয়সহ কেইবাখনো ৰাজ্যত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে।
অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত বজ্ৰপাত আৰু ধুমুহাৰ সম্ভাৱনাও প্ৰকাশ কৰিছে IMD-এ। বতৰ বেয়া হোৱাৰ সময়ত জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে।
