গুৱাহাটী পৌৰ নিগমৰ ১নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলি বক্সীৰ বিশেষ পদক্ষেপ
বিহুবৰ, ৯ আগষ্ট: শিৱসাগৰ জিলাৰ বিহুবৰ মাজগাঁৱত বানপীড়িত দুখীয়া আৰু অসহায় লোকসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। বৰ্তমানৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী পৌৰ নিগমৰ ১নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলি বক্সীৰ নেতৃত্বত এই মানৱীয় পদক্ষেপ গ্ৰহণ কৰা হয়।
সাহায্য বিতৰণ কাৰ্যসূচীত ৱাৰ্ডটোৰ বুথ সভাপতিসকলৰ লগতে কৃষাণ মৰ্চা আৰু সংখ্যালঘু মৰ্চাৰ কৰ্মকৰ্তাসকলে সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়ায়। বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষলৈ গৈ খাদ্যসামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় সাহায্য সামগ্ৰী বিতৰণ কৰা হয়।
দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িত লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰা এই পদক্ষেপক স্থানীয় সচেতন মহলে প্ৰশংসা কৰে।
