স্বৰ্ণজয়ী প্ৰথমগৰাকী ভাৰতীয় অৰিহা পাংগাম্বাম
ইম্ফল: ভাৰতীয় ক্ৰীড়া জগতলৈ গৌৰৱ কঢ়িয়াই আনিলে মণিপুৰৰ কন্যা অৰিহা পাংগাম্বামে। এছিয়ান এৰ’বিক জিমনাষ্টিকছ চেম্পিয়নশ্বিপৰ ছিনিয়ৰ ব্যক্তিগত মহিলা শাখাত স্বৰ্ণ পদক অৰ্জন কৰি ইতিহাস ৰচিলে অৰিহাই।
এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে অৰিহা পাংগাম্বামে দেশৰ ক্ৰীড়া ইতিহাসত নতুন অধ্যায় সংযোজন কৰে। তেওঁৰ এই সফলতাত সমগ্ৰ দেশৰ লগতে মণিপুৰতো আনন্দৰ জোৱাৰ উঠিছে।
.jpg)