নিশা প্ৰতিবাদত গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ...

Public Talks
0

 


নিশা প্ৰতিবাদত গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ

হোষ্টেলৰ সমস্যা সমাধানৰ দাবীত মূল প্ৰৱেশদ্বাৰত অৱস্থান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই হোষ্টেলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত নিশা প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম আৰ্হি ১০নং ছাত্ৰাবাসৰ আৱাসীসকলে।

ছাত্ৰসকলৰ অভিযোগ অনুসৰি, সমস্যাসমূহ সমাধানৰ বাবে কেইবাবাৰো বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিও কোনো স্থায়ী সমাধান নোপোৱাত তেওঁলোকে প্ৰতিবাদৰ পথ ল’বলগীয়া হয়। অৱশেষত কৰ্তৃপক্ষৰ সৈতে পুনৰ আলোচনাত মিলিত হয় প্ৰতিবাদকাৰী ছাত্ৰসকল।

সমস্যাসমূহ সমাধানৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ১০ দিনৰ সময়সীমা বিচাৰে। নিৰ্ধাৰিত সময়ৰ ভিতৰত দাবীসমূহ পূৰণ নকৰিলে পুনৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে

Tags

Post a Comment

0Comments

Post a Comment (0)