🚨 পাণ্ডু মহাবিদ্যালয়ত চাঞ্চল্য! ৰহস্যজনক অৱস্থাত অধ্যাপকৰ মৃতদেহ উদ্ধাৰ
মৃত অধ্যাপক প্ৰাঞ্জল ভূঞা, ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক
গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰাঞ্জল ভূঞাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে।
ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। অধ্যাপকগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ ঘটনাৰ ৰহস্য উদঘাটন হোৱাৰ সম্ভাৱনা আছে।
