আলমোৰাৰ যুৱকে উৰালে ইলেক্ট্ৰিক উৰন্ত গাড়ী! ৰবি টাম্টাৰ ইতিহাস সৃষ্টি
উত্তৰাখণ্ডৰ আলমোৰাৰ কাফলিখান গাঁৱৰ যুৱ উদ্ভাৱক ৰবি টাম্টাই তেওঁৰ এক আসনযুক্ত ইলেক্ট্ৰিক উৰন্ত বাহন ‘হাপিডা স্কাইনেক্স’ৰ প্ৰট’টাইপ সফলভাৱে পৰীক্ষা কৰিছে।
ড্ৰ’ন প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই সম্পূৰ্ণ বিদ্যুৎচালিত বাহনটোৱে মাটিৰ পৰা উঠি স্থিতিশীলভাৱে উৰিছে। কোনো বিজ্ঞান ডিগ্ৰী নোহোৱাকৈ নিজেই শিকি এই অভিযান সফল কৰা ৰবি টাম্টাৰ এই প্ৰয়াসে সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
