বানৰ প্ৰলয়ত সকলো হেৰাল, অক্ষত থাকিল হনুমানৰ মূৰ্তি
নেপালী খুঁটি: ভয়ংকৰ বানপানীয়ে নেপালী খুঁটি অঞ্চলত বহু ঘৰ-দুৱাৰ, সা-সম্পত্তি উটুৱাই নিলে। প্ৰলয়ংকৰী বানৰ মাজতো কিন্তু নিজৰ স্থানতে অক্ষত অৱস্থাত থাকিল হনুমানৰ মূৰ্তি।
বানৰ তাণ্ডৱৰ মাজত অক্ষত হৈ থকা হনুমান মূৰ্তিৰ দৃশ্যই স্থানীয় ৰাইজৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে। মূৰ্তিটোক কেন্দ্ৰ কৰি বহুতে এই ঘটনাক বিশ্বাস আৰু আস্থাৰ সৈতে সংযোগ কৰিছে।
