বানৰ বিভীষিকাৰ মাজতো শিৱসাগৰলৈ সুখবৰ, উজবেকিস্তানত পৰিস্মিতাৰ স্বৰ্ণ পদক জয়...

Public Talks
0

 


বানৰ বিভীষিকাৰ মাজতো শিৱসাগৰলৈ সুখবৰ, উজবেকিস্তানত পৰিস্মিতাৰ স্বৰ্ণ জয়

শিৱসাগৰ: বানপানীৰ বিভীষিকাৰ মাজতে শিৱসাগৰবাসীৰ বাবে আহিছে এক সুখবৰ। শিৱসাগৰৰ বগীদ’লৰ জীয়ৰী পৰিস্মিতা গগৈয়ে উজবেকিস্তানত অনুষ্ঠিত ৱেইটলিফটিং প্ৰতিযোগিতাত নিজৰ শাখাত স্বৰ্ণ পদক অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

পৰিস্মিতাই বগীদ’লৰ দীপু গগৈৰ তত্ত্বাৱধানত ৱেইটলিফটিঙৰ অনুশীলন আৰম্ভ কৰিছিল। কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ ফলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ জয় কৰা পৰিস্মিতাৰ সাফল্যত বগীদ’লৰ লগতে সমগ্ৰ শিৱসাগৰবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।

Post a Comment

0Comments

Post a Comment (0)