ব’ৰোচকত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ, ১৪.১৮ গ্ৰাম হেৰ’ইন জব্দ...

Public Talks
0

      ব’ৰোচকত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ



১৪.১৮ গ্ৰাম হেৰ’ইনসহ নগদ ধন, মোবাইল আৰু চুৰি স্কুটাৰ উদ্ধাৰ

গুৱাহাটী, ২১ আগষ্ট: গোপন তথ্যৰ ভিত্তিত CGPDৰ নুনমাটি থানাৰ আৰক্ষীয়ে ব’ৰোচকত অভিযান চলাই এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰাধীন লোকজন হৰেন কলিতা (৩৯), হৰিপুৰৰ বাসিন্দা।

আৰক্ষীয়ে তেওঁৰ জিম্মাৰ পৰা ১২টা হেৰ’ইনভৰ্তি ভায়েল, মুঠ ১৪.১৮ গ্ৰাম হেৰ’ইন, ৬টা খালী ভায়েল, নগদ ৫,৬৫০ টকা আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰে। লগতে এখন চুৰি হোৱা Yamaha Ray Z স্কুটাৰও জব্দ কৰা হয়।

ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আইনী ব্যৱস্থা গ্ৰহণ কৰি তদন্ত অব্যাহত ৰাখিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)