চুৰি হোৱা কাঁহৰ কাঁহী উদ্ধাৰ
শ’লমৰা আৰক্ষীৰ অভিযানত অভিযুক্ত আটক
নলবাৰী, ২১ আগষ্ট: বেলশৰ আৰক্ষী থানাত ৰুজু হোৱা ৭৬/২০২৬ নম্বৰৰ গোচৰৰ ভিত্তিত শ’লমৰা আৰক্ষী চকীৰ এটা দলে অভিযান চলাই চুৰিৰ গোচৰত এজন যুৱকক আটক কৰে।
আটকাধীন যুৱকজনক সুমন দাস (২০) বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ পিতৃ ভানু দাস আৰু ঘৰ বৰভিলাত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীয়ে অভিযান চলাই চুৰি হোৱা কাঁহৰ কাঁহীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘটনাটোৰ সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ সংশ্লিষ্ট ধাৰাত ইতিমধ্যে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নলবাৰী আৰক্ষীয়ে জনসাধাৰণৰ সুৰক্ষা আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে।
