শ্বিলঙৰ ঘটনাৰ পিছত অসম–মেঘালয় সীমান্তত উত্তেজনা...

Public Talks
0



শ্বিলঙৰ হিংসাত্মক ঘটনাৰ পিছত অসম–মেঘালয় সীমান্তত উত্তেজনা

KSUৰ ক’লা পতাকা বাইক ৰেলীক কেন্দ্ৰ কৰি উত্তেজনা, খানাপাৰা–জোৰাবাটত যান-বাহন অৱৰোধ

গুৱাহাটী, ২১ আগষ্ট: মেঘালয়ৰ ৰাজধানী শ্বিলঙত খাচী ষ্টুডেণ্টছ ইউনিয়ন (KSU)ৰ ক’লা পতাকা বাইক ৰেলীৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতে অসম–মেঘালয় সীমান্ততো উত্তেজনা বৃদ্ধি পাইছে। ৰেলীৰ সময়ত অসমত পঞ্জীয়নভুক্ত কেইবাখনো বাহন ক্ষতিগ্ৰস্ত কৰাৰ লগতে যাত্ৰীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।


ইয়াৰ প্ৰতিবাদত অসমৰ পৰিবহণকাৰী আৰু টেক্সি চালকসকলে খানাপাৰা আৰু জোৰাবাটত মেঘালয় অভিমুখী যান-বাহনৰ চলাচলত বাধা দিয়ে। ফলত গুৱাহাটী–শ্বিলং পথত যান-বাহন চলাচল ব্যাহত হোৱাৰ লগতে বহু যাত্ৰী আবদ্ধ হৈ পৰে।

ইতিমধ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ আৰু শান্তি-সম্প্ৰীতি অটুট ৰখাৰ আহ্বান জনাইছে। সীমান্তত যাতে অধিক উত্তেজনাৰ সৃষ্টি নহয়, তাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে সমন্বয়ৰে কাম কৰাৰ কথা প্ৰকাশ কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)