মুৰ্শিদাবাদ: পশ্চিমবংগৰ মুৰ্শিদাবাদ জিলাৰ বেলডাঙাত এগৰাকী ১৬ বছৰীয়া কিশোৰে দিন-ৰাতি পুখুৰীৰ পানীত কটোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। ইকবাল শেখ নামৰ কিশোৰজনে দাবী কৰা মতে, পানীৰ পৰা উঠিলেই তেওঁৰ শৰীৰত তীব্ৰ জ্বলা-পোৰা হয় আৰু কোনো ‘জ্বিন’ বা অদৃশ্য শক্তিয়ে তেওঁক খেদি ফুৰে।
স্থানীয় লোকৰ মতে, ইকবালে কেতিয়াবা একেৰাহে কেইবাদিনো পানীত থাকি সাঁতুৰি সাঁতুৰিয়েই খাদ্য গ্ৰহণ কৰে। দীৰ্ঘসময় পানীত থকাৰ ফলত তেওঁৰ ছাল ফেঁকুৰি যোৱাৰ লগতে অসুস্থতাৰ লক্ষণ দেখা দিছে। ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত কিশোৰজনক লৈ উদ্বেগ বৃদ্ধি পাইছে।
বিশেষজ্ঞসকলৰ মতে, কিশোৰজনে অনুভৱ কৰা জ্বলা-পোৰাৰ কাৰণ ‘অ্যাকুৱাজেনিক প্ৰুৰাইটাছ’ নামৰ এক চর্মৰোগ হ’ব পাৰে। অৱশ্যে চিকিৎসকৰ পৰীক্ষা অবিহনে এই দাবী নিশ্চিত নহয়। কিশোৰজনক শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ আৰু উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আছে। ভিডিঅ’টোৰ সত্যতা স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই।
ভিডিঅ লিংক- https://x.com/Vershasingh26/status/2086708742683492564?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E2086708742683492564%7Ctwgr%5E1b6cd37c9852b8c7c189d6bbb17e01f9eafa0d17%7Ctwcon%5Es1_c10&ref_url=http%3A%2F%2Fmgmt-abp.ttef.in%2Fwp-admin%2Fadmin.php%3Fpage%3Dworkspace_create
